Digital Census: দেশত প্ৰথমবাৰৰ বাবে ডিজিটেল লোকপিয়ল, প্ৰথমবাৰৰ বাবে জনতাই লাভ কৰিব স্ব-গণনাৰ বিকল্প, ডিজিটেল লোকপিয়লত আপোনাৰ বাবে কি পৰিৱৰ্তন আহিব? জানক সবিশেষ তথ্য

 

'লোকপিয়ল ২০২৭' ৰ আটাইতকৈ আকৰ্ষণীয় বৈশিষ্ট্য হ'ল আপুনি নিজেই নিজৰ তথ্য অনলাইনত আপলোড কৰিব পাৰিব। চৰকাৰে মুকলি কৰা se.census.gov.in প'ৰ্টেললৈ গৈ আপুনি ঘৰৰ পৰাই নিজৰ তথ্য জমা দিব পাৰিব।




১৫ বছৰৰ পাছত ভাৰতত পুনৰ আৰম্ভ হৈছে লোকপিয়ল। ২০২১ চনত ক'ভিড মহামাৰীৰ বাবে স্থগিত হোৱা লোকপিয়ল ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা 'লোকপিয়ল ২০২৭' (Census 2027) হিচাপে আৰম্ভ হৈছে । দেশত প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে সম্পন্ন হ'ব এইবাৰৰ লোকপিয়ল। এই বিশাল কাৰ্যসূচীত প্ৰায় ৩০ লাখতকৈও অধিক গণনাকাৰীয়ে নিজৰ স্মাৰ্টফোন ব্যৱহাৰ কৰি ঘৰে ঘৰে তথ্য সংগ্ৰহ কৰিব। এইবাৰৰ লোকপিয়ল দুটা পৰ্যায়ত সম্পূৰ্ণ হ'ব। প্ৰথম পৰ্যায়টো হ'ব ২০২৬ বৰ্ষৰ এপ্ৰিল মাহৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত। এই পৰ্যায়ত হ'ব ঘৰৰ তালিকাভুক্তিকৰণ (Houselisting) কৰা হ'ব।ইয়াত আপোনাৰ থকা ঠাইৰ অৱস্থা, খোৱাপানী, বিদ্যুৎ আৰু অন্যান্য সা-সুবিধাৰ বিষয়ে ৩৩টা প্ৰশ্ন সোধা হ'ব। দ্বিতীয় পৰ্যায়তহে জনসংখ্যাৰ গণনা কৰা হ'ব।
'লোকপিয়ল ২০২৭' ৰ আটাইতকৈ আকৰ্ষণীয় বৈশিষ্ট্য হ'ল আপুনি নিজেই নিজৰ তথ্য অনলাইনত আপলোড কৰিব পাৰিব। চৰকাৰে মুকলি কৰা se.census.gov.in প'ৰ্টেললৈ গৈ আপুনি ঘৰৰ পৰাই নিজৰ তথ্য জমা দিব পাৰিব। জমা দিয়াৰ পিছত আপুনি এটা  Self-Enumeration ID (SE ID) পাব। যেতিয়া গণনাকাৰী বিষয়াগৰাকী আপোনাৰ ঘৰলৈ আহিব, আপুনি কেৱল সেই IDটো দেখুৱালেই আপোনাৰ তথ্য জমা দিয়া কাৰ্য সম্পন্ন হ'ব। ইয়াৰ ফলত যথেষ্ঠ সময় ৰাহি হ'ব।

Post a Comment

Previous Post Next Post