শীৰ্ষ খবৰ

এটা চাঞ্চল্যকৰ হত্যাকাণ্ড! থ্ৰিলাৰ ছাচপেন্সেৰে ভৰা Web Seriesৰ দৰে এক চাঞ্চল্যকৰ হত্যাকাণ্ড

 এটা চাঞ্চল্যকৰ হত্যাকাণ্ড! থ্ৰিলাৰ ছাচপেন্সেৰে ভৰা Web Seriesৰ দৰে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। ঘটনাত স্থান গোৱালপাৰাৰ দুধনৈ। দুধনৈত ঘাতকে মৰিয়াই মৰিয়াই হত্যা কৰিলে এজন লোকক। হত্যা কৰি তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত পেলাই থৈ গ’ল মৃতদেহ।




এটা চাঞ্চল্যকৰ হত্যাকাণ্ড! থ্ৰিলাৰ ছাচপেন্সেৰে ভৰা Web Seriesৰ দৰে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। ঘটনাত স্থান গোৱালপাৰাৰ দুধনৈ। দুধনৈত ঘাতকে মৰিয়াই মৰিয়াই হত্যা কৰিলে এজন লোকক। হত্যা কৰি তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত পেলাই থৈ গ’ল মৃতদেহ। কেৱল ইমানেই নহয়ে মৃতদেহৰ কাষতে ঘাতকে অংকন কৰি থৈ গ’ল প্ৰেমৰ চিহ্ন আৰু চিহ্নটোৰ সোঁমাজতে লিখিলে ‘1’।


ৰাতিপুৱা হঠাৎ হুৱাদুৱা লাগে দুধনৈ দৈনিক বজাৰত। পুৱাই অৰ্ধনগ্ন অৱস্থাত এজন লোকৰ তেজেৰে লুতুৰিপুতুৰি হৈ থকা মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে৷ মৃতদেহটোৰ কাষতে পৰি আছে ইটা আৰু লাঠী৷ মৃতদেহটো প্ৰায় ১০০ মিটাৰ দূৰৰ পৰা চোঁচৰাই অনা স্পষ্ট হৈ আছে। মৃত ব্যক্তি গৰাকী দুধনৈ শান্তি নগৰৰ ৩৪ বছৰীয়া বাটছু ৰাহা বুলি চিনাক্ত কৰা হৈছে।


জানিব পৰা অনুসৰি নিশা আত্মীয়ৰ ঘৰত ভাত খাই ৯ বাজি ৩০ মিনিটমান বজাত ওলাই গৈছিল বাটছু। ইতিমধ্য ঘটনা সন্দৰ্ভত মাণিক বাণিক্য নামৰ এজন আটক কৰিছে আৰক্ষীয়ে।

Post a Comment

أحدث أقدم