কংগ্ৰেছ নেতা পৱন খেৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ নামত আমেৰিকাত ৫২ হাজাৰ কোটিৰ কোম্পানী থকাৰ অভিযোগৰ পিছতে এইবাৰ গৌৰৱ গগৈৰ নামত আমেৰিকাত পঞ্জীয়ন হ’ল কোম্পানী।
‘গৌৰৱ গগৈৰ নামত পঞ্জীয়ন হ’ল আমেৰিকান কোম্পানী! কোম্পানীৰ নাম GauravElizabeth786! আমেৰিকাত গৌৰৱ গগৈৰ ১ লাখ কোটি টকাৰ বিনিয়োগ!’ - মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ নামত আমেৰিকাত ৫২ হাজাৰ কোটিৰ কোম্পানী থকা বুলি কংগ্ৰেছে কৰা অভিযোগৰ পিছত এইবাৰ গৌৰৱ গগৈৰ নামত পঞ্জীয়ন হ’ল আমেৰিকান কোম্পানী।
কংগ্ৰেছ নেতা পৱন খেৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ নামত আমেৰিকাত ৫২ হাজাৰ কোটিৰ কোম্পানী থকাৰ অভিযোগৰ পিছতে এইবাৰ গৌৰৱ গগৈৰ নামত আমেৰিকাত পঞ্জীয়ন হ’ল কোম্পানী। আজি পুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত তথ্য সহকাৰে দেখুৱাই দিছিল কেনেকৈ সামান্য নথি অৰ্থাৎ ই-মেইল আইডি আৰু ফোন নম্বৰৰ জৰিয়তে আমেৰিকাত কোম্পানী পঞ্জীয়ন কৰিব পাৰি সেয়া দেখুৱাই দিছিল। মাত্ৰ ১৯৯ আমেৰিকান ডলাৰ খবৰ কৰি যিকোনো লোকেই এইদৰে কোম্পানী এটা পঞ্জীয়ন কৰিব পাৰে বুলি কৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে।

Post a Comment